MODARORE PHOOL HENO LYRICS | মদাৰৰে ফুল হেনো - BHUPEN HAZARIKA

MODARORE PHOOL HENO LYRICS | মদাৰৰে ফুল হেনো
- 
BHUPEN HAZARIKA

            Modarore Phool Heno Lyrics in Assamese is an old evergreen Assamese song sung by Dr. Bhupen Hazarika.  

MODARORE PHOOL HENO LYRICS | মদাৰৰে ফুল হেনো - BHUPEN HAZARIKA
MODARORE PHOOL HENO LYRICS | মদাৰৰে ফুল হেনো - BHUPEN HAZARIKA


DOWNLOAD THE LYRICS:




মদাৰৰে ফুল হেনো

পূজাতো নলাগে,

মদাৰৰে ফুল হেনা

সবাহত নলাগে,

লাগে পিছে ব’হাগতে

ৰং সানিবলে,

লাগে পিছে আকাশতে

জুই জলাবলে,

কোনোবাই মোক হেনো

মদাৰৰে ৰিজালে,

আমাৰ দৰে লোক হেনো

কামে-কাজে নেলাগে,

লাগে পিছে সমাজতে

ৰং সানিবলে,

লাগে পিছে আকাশতে

জুই জলাবলে….

 

মদাৰ গছত বগোৱা পাণ

খাবলৈহে ভাল ভাল,

উধৰ্বমূখী পাণ লতাৰ

প্ৰতিজ্ঞাহে ভাল ভাল,

পাণহৈ মদাৰতে

বগোৱাজনহে ভাল ভাল,

কাঁইটতে বুকুৰে তেজ

ঢলাজনহে ভাল ভাল,

মদাৰৰে জুই-শিখা বিছৰাজনকে

বহাগতে মই আজি

যাম পূজিবলে….

 

সঁচা সৰু মানুহ যদি

ৰঙা মদাৰ হয়,

মদাৰৰে শিখা যদি

হাতে হাতে লয়,

তেতিয়াহে সমাজ আকাশ

জ্যোতিৰে ভৰিব,

জ্যোতি লাগে এন্ধাৰকে

নাশ কৰিবলে….

 

মদাৰ নেলাগে পূজাত

কাৰ পূজা সেয়া,

তেনে পূজা নেচাওঁ আমি

সেই সবাহ বেয়া,

তেনে পুজাত লাগে মিছা

কাগজৰে ফুল,

তাতে কতই মানৱতা

যায় বেছিবলে….

 

যাৰ পূজাত নৰ-মাংস

সেৰ জোখে কিনে,

কিনি তাতে গোলাপৰে

আঁতৰ কিছু সানে,

যাৰ পূজাত মিছা গৰল

মোনে মোনে আহে,

মাটিৰ জীৱন অমৃতেৰে

যাৰ ৰাহি নাহে,

তেনে লোকক কাঁইটৰে

শয্যা পাতি দিয়া,

দি মদাৰ জুইৰে জ্বলোৱা

মানুহ কৰিবলে….

 

কোনোবাই মোক হেনো

মদাৰৰে ৰিজালে

আমাৰ দৰে লোক হেনো

কামে-কাজে নেলাগে ৷

SONG CREDITS:

Song: Modarore Phool Heno
Singer: Dr. Bhupen Hazarika
Language: Assamese

Post a Comment

0 Comments